হাইলাকান্দিত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ

 07/10/2019 - 17:49

হাইলাকান্দিঃ চিকিৎসাৰ অভাৱত মহিলাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে হাইলাকান্দিত। কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছৰ হেমাহিৰ বাবে মৃত্যুৰ অভিযোগ পৰিয়ালৰ। মঙ্গলবাৰে শ্বাসজনিত ৰোগত অসুস্থ হোৱাত হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মঞ্জুবালা ৰায় নামৰ এগৰাকী মহিলাক। বুধবাৰে পুৱা হাস্পতালৰ মহিলা ৱাৰ্ডতেই মৃত্যু হয় মহিলাগৰাকীৰ।

মৃত্যুৰ পিছতে মহিলাৰ পৰিয়ালৰ লোকে উত্তপ্ত কৰি তোলে হাস্পতাল চৌহদ। তেওঁলোকৰ অভিযোগ কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসকক অভিযোগ কৰাৰ পিছতো মঞ্জুবালাৰ চিকিৎসাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। চিকিৎসক আৰু নাৰ্ছৰ হেমাহিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মৃতদেহ ঘৰলৈ লৈ যোৱাত পৰিয়ালটোৱে আপত্তি কৰে।

অৱশেষত জিলা প্ৰশাসনে গোটেই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষনাৰ পিছত মৃতদেহ চমজি লয় মঞ্জুবালাৰ পৰিয়ালে। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে হাস্পতালখনত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।