টিভি এংকৰক গুলীয়াই হত্যা

 07/10/2019 - 17:56

ডিজিটেল ডেস্কঃ পাকিস্তানত যোৱা মঙলবাৰে ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান ‘বৌল’ৰ এজন এংকৰক গুলীয়াই হত্যা কৰা হয়। মুৰীদ আব্বাছ নামৰ টিভি এংকৰ জনক কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে এখন কফি দোকানৰ সন্মুখত আতিফ নামৰ লোক এজনে গুলিয়াই হত্যা কৰে৷ চিকিৎসকে জানিবলৈ দিয়া মতে, টিভি এংকৰ জনৰ বুকু আৰু পেটত লাগিছিল গুলী।

যাৰ ফলত চিকিৎসালয়ত আহি পাওতেই তেওঁৰ মৃত্যু হৈছিল।মুৰীদ আব্বাছৰ পত্নীৰ ভাষ্য অনুসৰি মুৰীদ আৰু আতিফৰ মাজত আছিল ব্যৱসায়িক সম্পৰ্ক৷ দুয়োৰে মাজত চলি আছিল টকা-পইচাৰ সংঘাত৷ এই ব্যক্তিগত সংঘাতৰ ফলতেই মুৰীদ আব্বাছ হত্যাৰ বলি হ’ল বুলি আৰক্ষীয়েও মত প্ৰকাশ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।