07/10/2019 - 18:08
in
বিজনীঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সকলো দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি নিশ্চিত কৰক৷ এই দাবী ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছএফআইৰ৷ আজি এছএফআইয়ে এক সংবাদ মেল সম্বোধন কৰি লগতে বেক আৰু ৭৫ শতাংশ উপস্থিতিৰ চৰ্ত উঠাই ল’বলৈও আহ্বান জনায়৷ উল্লেখ্য যে চৰকাৰী তথ্য মতে অসমত বিশ্ববিদ্যালয় পৰ্যায়ত ১২৭০ টা শিক্ষকৰ পদ আৰু মহাবিদ্যালয় পৰ্য্যায়ত ৯৯৪ টা শিক্ষক পদ খালী হৈ আছে।
সম্প্ৰতি উচ্চ শিক্ষা সঞ্চালকে মহাবিদ্যালয়ৰ ৩৪৪ টা শিক্ষক পদ পূৰণ কৰাৰ যো-জা কৰিছে যদিও ই পৰ্যাপ্ত নহয় বুলি এছএফআইয়ে মন্তব্য কৰি কয় যে কিয়নো ১৯৯২ চনৰ পৰা কোনো নতুন পদ সৃষ্টি কৰা নাই অথচ প্ৰতি বছৰে মহাবিদ্যালয়বোৰত নামভৰ্তি কৰা ছাত্র-ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈ আছে।