কলহী নদীৰ পানীত বুৰ গ’ল বৃহত্তৰ ছয়গাঁও অঞ্চল

 07/10/2019 - 18:35

ছয়গাঁওঃ নেৰানেপেৰা বৰষুণৰ ফলত ছয়গাঁও অঞ্চলৰ বিস্তৃৰ্ণ অঞ্চল প্লাৱিত হৈছে। ফেনে-ফুটুকাৰে বাঢ়িছে দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ বিস্তৃত অঞ্চল। কলহী নদীৰ বানে যেন এতিয়া ৰূদ্ৰ ৰূপ ধাৰণ কৰি ছয়গাঁও অঞ্চলৰ শ শ বিঘা খেতি পানীৰ তলত বুৰাই পেলাইছে। শালি ধানৰ কঠিয়াসমূহ সম্পূৰ্ণৰূপে পানীৰ গ্ৰাসত।

এই বাতৰি লিখা সময়লৈকে ছয়গাঁও আৰক্ষী থানা, ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, লালমোহন চৌধুৰী শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন, ছয়গাঁও-শিংখাট গড়কাপ্তানী পথ, ছয়গাঁও-কালাৰদিয়া পথ, ছয়গাঁও-গুমী পথৰ লগতে ১ নং বালাসিদ্ধি, পাণ্টান, শিংখাট, চৌধুৰীপাৰা, পটৰীখাট, কালাৰদিয়া, গণকপাৰা, ভাঠিপাৰা, বাঢ়ন্তী, টকৰাদিয়া, কুকুৰমাৰা আদি গাঁও বানৰ কবলত পৰিছে। আনহাতে পলাশবাৰী বিধানসভা সমষ্টিৰ অন্যতম বৃহত্তম গাঁও হৈছে সাতপখলী।

এই সাতপখলী গাঁৱলৈ যোৱা মূল পথটোৰ ওপৰত এখন দীঘল কাঠৰ দলং আছিল। যিখন দলঙেৰে যাতায়ত কৰিবলৈ অতি ভয়ানক আছিল। পিছে শেহতীয়াভাৱে দলংখন পকী কৰাৰ কাম চলি আছিল যদিও উপ-পথত থকা বিধ্বস্ত দলংখন বানে উটুৱাই নিয়াৰ ফলত গাঁওখনৰ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

সমষ্টিটোৰ তেজপুৰ, ঘোঁৰামাৰা, জাৰাবাৰী, পানীখাইটি, কান্দুলীমাৰী, আমবাৰী, মল্লাটাৰী আদি স্থানত ভয়াবহভাৱে বাঢ়ি আছে পানী। এই বানৰ কবলত লাখ লাখ টকাৰ পুখুৰীৰ মাছ বানত উটি যোৱাত বহু পৰিয়ালৰ চকুপানী দেখা গৈছে। এই মুহূৰ্তলৈ কলহী নদীৰ পানী বাঢ়ি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।