লাহৰীঘাটত বানৰ তাণ্ডৱঃ এমুঠি অন্নৰ বাবে হাহাকাৰ ৰাইজৰ

 07/10/2019 - 18:40

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁও, হাতীলৰুৱা পথাৰত বলিয়া বানৰ তাণ্ডৱত মজুত ৰখা খাদ্য সামগ্ৰী বিনষ্ট হোৱাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে প্ৰায় শতাধিক পৰিয়ালে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

বহু পৰিয়ালে বানৰ পৰা পৰিত্ৰাণ পাবলৈ ট্ৰাইবান্ধত আশ্ৰয় লৈছে যদিও নৱ নিৰ্মিত ট্ৰাইবান্ধটো সম্পূৰ্ণ বালিয়া মাটিৰে নিৰ্মাণ কৰাৰ বাবে বান্ধটোৰ কেইবা ঠাইত দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড ছিৰাল ফাট৷ যিকোনো সময়ত ট্ৰাইবান্ধটো ছিঙি যোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে গঞা ৰাইজে৷

উল্লেখ্য যে ট্ৰাইবান্ধটো ছিঙি গ’লে নিমিষতে জলমগ্ন হোৱাৰ সম্ভাৱনা আছে প্ৰায় ২০খনকৈ গাঁও। আনহাতে বানৰ পৰা পৰিত্ৰাণ পাবলৈ ট্ৰাইবান্ধত আশ্ৰয় লোৱা পৰিয়ালকেইটাৰ খাবলৈ নাই এমুঠি অন্ন, বিশুদ্ধ খোৱা পানী, নাই এটা শৌচালয়৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই সকল দুৰ্ভগীয়া পৰিয়াল।

আজি অসম মিঞা যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফেৰদৌছ জিন্না, টেঙাগুৰি আঞ্চলিক আমছুৰ সভাপতি মুবাশ্বিৰুল ইছলামে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত পৰিয়ালক অতিশীঘ্ৰে সহায় কৰিবলৈ জিলা প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।