বিশ্বপৰ্যায়ত ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন দ্যুতি চান্দৰ

 07/10/2019 - 18:55

ডিজিটেল ডেস্ক: ভাৰতীয় আগশাৰী দৌৰবিদ দ্যুতি চান্দয়ে ১০০ মিটাৰ দৌৰত দেশবাসীক স্বৰ্ণ পদক দিবলৈ সক্ষম হৈছে। দ্যুতি চান্দে ১১৩২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণ পদক লাভ কৰে। দৌৰবিদগৰাকীয়ে ১১৪২ ছেকেণ্ডৰ পূৰ্বৰ ৰেৰ্কড ভংগ কৰে।

খেলুৱৈগৰাকীয়ে ইটালীৰ নেপলছত অনুস্থিত ৩০ সংখ্যক 'Summer universitygames'ত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।দ্যুতি চান্দৰ এই সফলতাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰ, ফেচবুকৰ জৰিয়তে খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে এই কথাও কয় যে সমগ্ৰ ইউনিৰ্ভাচৰ আগত আমাৰ দেশক গৌৰাৱান্বিত হোৱাৰ সুযোগ প্ৰদান কৰিলে দ্যুতি চান্দে।

টুইটাৰ যোগে দ্যুতি চান্দে সোণৰ পদকৰ সৈতে 'Pull me down, I will come back stronger' বুলি টুইট প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।