তামুলপুৰত ভুল চিকিৎসাঃ ৰঙা ঘৰৰ আলহী হ'ল মুন্না ভাই এমবিবিএছৰূপী ভুৱা চিকিৎসক

 07/10/2019 - 18:56

তামুলপুৰঃ ৰাজ্যত সময়ে সময়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ অহাৰ সময়তে তামুলপুৰৰ লতিবাৰীত এজন মুন্নাভাই এমবিবিএছৰূপী ভুৱা চিকিৎসক ৰঙা ঘৰৰ আলহী হ'ব লগা হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষী সূত্ৰৰ খবৰ মতে আটকাধীন ভুৱা চিকিৎসকজনৰ নাম ৰতন সেন গুপ্তা৷

বিগত তিনিমাহ ধৰি গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত লতিবাৰী বজাৰত চেম্বাৰ খুলি ৰতন সেন গুপ্তা নামৰ মুন্না ভাই এমবিবিএছৰূপী ভুৱা চিকিৎসকজনে চিকিৎসা চলাই আহিছিল৷ ধৃত ভুৱা চিকিৎসকজনৰ ঘৰ পশ্চিমবংগৰ শিলিগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰবীন্দ্ৰ নগৰত৷

উল্লেখযোগ্য যে ভুৱা চিকিৎসক ৰতন সেন গুপ্তাই বিগত তিনি মাহ ধৰি লতিবাৰীত চিকিৎসা চলাই আছিল যদিও কিছুদিন পূৰ্বে এগৰাকী ৰোগীক ভুল চিকিৎসা কৰি ঔষধ প্ৰদান কৰাত ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সন্দেহ ওপজে স্থানীয় ৰাইজৰ। লগে লগে স্থানীয় ৰাইজে ভুৱা চিকিৎসকগৰাকীক ধৰি আৰক্ষীক গতাই দিয়ে।

পৰৱৰ্তী সময়ত তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোজ কুমাৰ দাসে সোধপোছ কৰাত নিজকে পশ্চিম বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা আয়ুৰ্বেদিক বিষয়ত চিকিৎসা ডিগ্ৰী লাভ কৰা বুলি কয় যদিও আৰক্ষীক কোনো ধৰণৰ প্ৰমাণ পত্ৰ দাখিল কৰিবলৈ সক্ষম নোহোৱাত মুন্না ভাই এমবিবিএছৰূপী ভুৱা চিকিৎসকজন ৰঙা ঘৰৰ আলহী হ'ব লগা হয়৷

আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩১৪/১৯ ধাৰা ৪১৯/৪২০/৪০৬/২৭৬ নম্বৰত এক গোচৰ ৰুজু কৰি যোৱা ৮ জুলাইত মুন্না ভাই এমবিবিএছৰূপী ভুৱা চিকিৎসকগৰাকীক জে’ল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে তামুলপুৰত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই তামুলপুৰৰ স্বাস্থ্য সেৱাৰ বুজ লৈ যোৱাৰ এদিন পিছতে ভুৱা চিকিৎসক আটক হোৱা ঘটনাই সমগ্ৰ তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।