মেলবৰ্ন ভাৰতীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ 'বুলবুল কেন ছিং'

 07/10/2019 - 19:11

ডিজিটেল ডেস্কঃ ভিলেজ ৰকষ্টাৰ্ছৰ পিছত এইবাৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয়তা লাভ কৰিছে ৰীমা দাসৰ 'বুলবুল কেন ছিং' ছবিখনে। ছবিখনে বহুকেইটা আন্ত:ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা মেলবৰ্ন ভাৰতীয় ছবি মহোৎসৱত ২০১৯ ত প্ৰৰ্দশিত হ'ব 'বুলবুল কেন ছিং'ছবিখন।

আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অস্কাৰ মনোনীত ভিলেজ ৰকষ্টাৰ্ছৰ পিছত ৰীমা দাসৰ 'বুলবুল কেন ছিং' ছবিখনেও ইটোৰ পিছত সিটো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ৯ আগষ্টত মেলবৰ্ন ভাৰতীয় ছবি মহোৎসৱৰ আৰম্ভনিৰ দিনা দ্য ডিষ্ট্ৰিক ডকলেণ্ডছৰ হয়টছত প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ ছবি। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব 'বুলবুল কেন ছিং'ৰ বলীউড তাৰকা শ্বাহৰুখ খান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।