শিৱসাগৰত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

 03/23/2019 - 13:42

শিৱসাগৰঃ শিৱসাগৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সেই স্থানত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।

এটা পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহটোৰ উদ্ধাৰ হোৱা বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজনৰ নাম অজয় মাহাতো বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ মিছাজানত।

২০ মাৰ্চৰ পৰা নিখোজ হৈ আছিল অজয় মাহাতো নামৰ যুৱকজন। বহু বিচাৰ খোচাৰ কৰা অন্ততো তেওঁৰ কোনো সম্ভেদ পোৱা নাছিল। অৱশেষত এনেদৰে আজি উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ। কোনো দুৰ্বৃত্তই তেওঁক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যেই যুৱকজনৰ মৃতদেহ চমজি লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।