অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও শাখাৰ অভিনন্দন অনুষ্ঠান

 07/10/2019 - 19:17

বটদ্ৰৱাঃ "নিজৰ মাতৃভাষা স্বাভিমান স্বৰূপ। মানুহ যিমানেই ডাঙৰ নহওক কিয় মাতৃভাষাক শ্ৰদ্ধা কৰিব লাগে। আনৰ ভাষাত কথা পাতিলে ভুল হোৱাটো অপৰাধ নহয়, কিন্তু আমি অসমীয়াই নিজা মাতৃভাষা পদে পদে ভুল কৰাটো ডাঙৰ অপৰাধ হৈছে৷ এই মন্তব্য জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ। মঙলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও নগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ লগতে কয় যে ৰাষ্ট্ৰ মানে ভৌগোলিক সীমা নহয়, ৰাষ্ট্ৰ অকল মানুহক লৈ গঠিত নহয়।

ৰাষ্ট্র হৈছে গছ-গছনি, বায়ু-পানী, নদ-নদী, পাহাৰ-ভৈয়াম আদি সকলো সামৰি গঠিত হয় ৰাষ্ট্ৰ। নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত প্ৰলয় কুমাৰ বড়ো আৰু আকাশদীপ নাথে আঁত ধৰা অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি জে এন ইউৰ অধ্যাপিকা ডঃ নন্দিতা শইকীয়াই ছাত্ৰসকলক সুন্দৰ সমাজৰ সপোন দেখিবলৈ আহ্বান জনায়।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক ছ’চিয়েল মিডিয়া প্ৰমুখ মানস শৰ্মা, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি বিদ্যাৰ্থী সমাজক নিজৰ লগতে দেশ সমাজৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান জনায়।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সাংবাদিকতা, প্ৰকৃতি সুৰক্ষা আৰু সাংস্কৃতিক দিশেৰে সমাজলৈ সেৱা আগবঢ়োৱা তিনি গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা, নগাঁৱৰ পৰিবেশ কৰ্মী অপৰ্ণা ভট্টাচাৰ্য্য আৰু ধনঞ্জয় বৰদলৈক গামোচা, অভিনন্দন পত্ৰ, গ্রন্থ আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছত ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় মৃদু পৱন নাথে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।