গো-মুত্ৰ কেঞ্চাৰ ৰোগৰ একমাত্ৰ ঔষধঃ চিকিৎসা বিজ্ঞানক নস্যাৎ কৰি বিটিচি উপাধ্যক্ষৰ অদ্ভূত দাবী

 07/10/2019 - 19:30

দলগাঁওঃ গো-মুত্ৰ কেঞ্চাৰ ৰোগৰ একমাত্ৰ ঔষধ! এই অদ্ভূত দাবী বিটিচি উপাধ্যক্ষ নেৰচন বড়োৰ। ২৩ নং বেটেলিয়ন লালপুল এছএছবি কেম্পত আয়োজিত মীন আৰু গাহৰি পালনৰ এক প্ৰশিক্ষণ শিবিৰত ভাষণ প্ৰসংগত এই দাবী কৰে উপাধ্যক্ষজনে। মীন আৰু গাহৰি পালনৰ চাহিদা আৰু ইয়াৰ লাভালাভৰ ওপৰত মন্তব্য দি তেওঁ কয়- খাদ্য গ্ৰহণৰ পৰাই আমাৰ অধিকাংশ বেমাৰ হয়।

মই বহু দেশত গৈছো। সেই দেশবিলাকত কীটনাশকমুক্ত পাচলি আৰু অন্যান্য আহাৰ প্ৰস্তুত হয় বাবেই বেমাৰ কম। তেওঁ আৰু কয়- কিছুদিন পিছত গোবৰ আৰু গো-মুত্ৰৰ চাহিদা অভাবনীয় হাৰত বৃদ্ধি পাব। আপোনালোকে গোবৰ আৰু গো মুত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰক। কিয়নো কেঞ্চাৰ ৰোগৰ একমাত্ৰ ঔষধ হৈছে গো মুত্ৰ। ইফালে বিটিচি উপাধ্যক্ষজনৰ এই মন্তব্যত সভাস্থলীত থকা সকলো লোকে নীৰবে থাকিলেও সভাৰ শেষত সাংবাদিকৰে মুখামুখি হৈ অস্বস্তিত পৰে নেতাজন।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ভূপালৰ বিজেপি সাংসদ প্ৰজ্ঞা দেবা সিঙ ঠাকুৰে গো মুত্ৰ সেৱন কৰি তেওঁৰ স্তন কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰা বুলি দাবী কৰাৰ পিছত ভাৰতীয় চিকিৎসা বিজ্ঞানে তেওঁক সকীয়াই দি ভবিষ্যতে চিকিৎসা বিজ্ঞানক উপলুঙা কৰি ৰাজনীতি নকৰিবলৈ ধমক দিয়াৰ পাছত প্ৰজ্ঞা দেবা সিঙে তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিছিল যদিও কোনো তথ্য প্ৰমাণ নোহোৱাকৈ বিটিচিৰ উপাধ্যক্ষজনে অনুৰূপ মন্তব্য কৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উপাধ্যক্ষ নেৰচন বড়োক সাংবাদিকৰ প্ৰশ্নত থৰকাছুটি হেৰুৱাই তেওঁৰ দাবীৰ সমৰ্থনত কোনো তথ্য-যুক্তি আগবঢ়াব নোৱাৰি বেবেৰিবাং উত্তৰ দিবলৈ আৰম্ভ কৰে। উল্লেখ্য যে কালি সীমান্তৱৰ্তী লোকসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে পোন্ধৰ দিনীয়া প্ৰশিক্ষণ শিবিৰ আয়োজন মীন আৰু গাহৰি পালনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

কাৰ্যসূচীত বিভিন্ন বিভাগৰ বিষয়াৰ লগতে মাজবাটৰ ই এম, এম চি এল এ শ্যাম চণ্ডি উপস্থিত থাকে। গাহৰি আৰু মীন পালনৰ প্ৰশিক্ষণ বাবে সীমান্তৱৰ্তী এলেকাৰ ত্ৰিশজনকৈ যুৱক-যুৱতীয়ে ভাগ লয়। উক্ত অনুষ্ঠানত মঙলদৈৰ পশু চিকিৎসক ভবানী চন্দ্ৰ দাস, মাজবাট ব্লকৰ পশু চিকিৎসক ভূপেন কুমাৰ শৰ্মা, বিশিষ্ট মীন আৰু গাহৰি পালক ধৰ্মেশ্বৰ ৰাভা, হাঁহ কুকুৰা পালক অপ্ৰতিম বৰা আৰু আৰ এচ ই টি-ৰ সঞ্চালক তপন বসুমতাৰী সহ ২৩ নং বেটেলিয়নৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।