গোগামুখত বানাক্ৰান্তৰ হাহাকাৰ পৰিস্থিতি

 07/10/2019 - 20:03

গোগামুখঃ গোগামুখত পুনৰ বান৷ বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি৷ যোৱা কেইবাদিনো ধৰি দি থকা মুষলধাৰ বৰষুণৰ ফলত প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হৈছে গোগামুখতl গোগামুখৰ বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ তিনিদিন ধৰি বন্যাৰ্তই লঘোনে পাৰ কৰিছে বিভীষিকা দিন৷ বৰ্তমানলৈকে বন্যাৰ্তক কোনোধৰনৰ বান সাহায্য নিদিয়াৰ অভিযোগ৷ গোগামুখৰ ন-নদী, ভেৱেলী, ৰজাবাৰী ,গোসাঁইবাৰী গ্ৰেজিংমাজ গাঁও, তাৰিং বনিয়া, লক্ষীপথাৰ ওপৰ চেনীয়া, হলৌদুঙা, বেৰভঙা, লথিয়া, খনাকৃষ্ণপুৰ, ভোমাপদ্মপুৰ নগাঁও আদি অঞ্চলসমূহ এতিয়া বানৰ কবলত৷

বানাক্ৰান্তৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে৷ পশুধনৰ মাজত খাদ্যৰ নাটনিয়ে দেখা দিছে সমগ্ৰ অঞ্চলটোত৷ সাধাৰন ৰাইজে কপালৰ কেঁচা ঘাম মাটিত পেলাই কৰা বছৰৰ খেতি দৰাও এতিয়া পানীৰ তলত৷ নিৰূপায় বন্যাৰ্তই বিছাৰিছে চৰকাৰৰ সহায়ৰ লগতে ক্ষতিপূৰণ৷ লক্ষণীয় যে নিৰ্বাচনৰ সময়ত ৰাইজৰ জনপ্ৰতিনিধি যেনেদৰে সাধাৰন জনতাৰ মাজত উপস্থিত হৈ ভোট ভিক্ষা কৰে তেনেদৰে বন্যাৰ্তৰ মাজত উপস্থিত হৈ খবৰ লবলৈ নহা ধেমাজিৰ বিধায়ক ৰনোজ পেগুৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্তই৷ ইফালে ধেমাজিৰ গোগামুখৰ ৰঙাজানস্থিত ৰেলৱে মথাউৰিটো দুষ্কৃতিকাৰীয়ে কাটি দিয়াৰ ফলত ভেৱেলী, ৰঙাজানৰ বহু পৰিয়াল এতিয়া বানৰ কবলত পৰিছে৷ ডুব গৈছে সপোনৰ ঘৰখনো l এই বানাক্ৰান্তৰ মাজত চৰকাৰী সাহায্য বিতৰণ কিয় কৰা নাই এই পৰ্যন্তলৈকে সেইয়াহে এই মূহূৰ্ত্তত ডাঙৰ প্ৰশ্ন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।