জুৰীয়াত পঞ্চায়ত সভাপতিক আক্ৰমণ কৰা মূল অভিযুক্তক আটক

 07/10/2019 - 20:05

জুৰীয়াঃ অৱশেষত আৰক্ষীৰ জালত পৰিল জুৰীয়াৰ মাহেৰীপাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ আক্ৰমণ কৰা মূল অভিযুক্তক জিয়াবুৰ ৰহমান৷ নাৰী সৰবৰাহ, ড্ৰাগছ, মদৰ অবাধ প্ৰচলনত বাধা দিবলৈ গৈ যোৱা ২ জুনত জিয়াবুৰ ৰহমান নামৰ দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল মাহেৰীপাৰ গাঁও পঞ্চায়তৰ সভাপতি মোজাম্মিল হক আনচাৰি৷

জুৰীয়াৰ মাহেৰীপাৰ গাঁও পঞ্চায়ত এলেকাত জিয়াবুৰ ৰহমানৰ নেতৃত্বত বিভিন্ন অসামাজিক কাৰ্যকলাপ চলি থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি ঘটনাটোৰ বিষয়ে সভাপতিগৰাকীক অৱগত কৰিছিল৷ সভাপতিগৰাকীয়ে জিয়াবুৰক তেওঁৰ বিৰুদ্ধে উত্থাপিত মদ, জুৱা, ড্ৰাগছ, নাৰী সৰবৰাহৰ অভিযোগৰ বিষয়ে জনাই ভবিষ্যতে এনে কামৰ পৰা বিৰত থকাৰ লগতে তেনে কাৰ্যৰ জৰিয়তে অঞ্চলটোক কলুষিত নকৰিবলৈ সকীয়াই দিছিল৷

কিন্তু সভাপতিগৰাকীৰ সকীয়নিত হঠাতে অগ্নিশৰ্ম্মা হৈ পৰা জিয়াবুৰে হাতত থকা দাৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল সভাপতিগৰাকী৷ পিছত স্থানীয় ৰাইজে দুৰ্বৃত্তটোৰ কবলৰ পৰা সভাপতি মোজাম্মিলক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷

ঘটনা সংক্ৰান্তত সভাপতিগৰাকীৰ পৰিয়ালে জুৰীয়া থানাত এক গোচৰ ৰুজু কৰাৰ লগতে আমছুৱে দুৰ্বৃত্তটোক অটক কৰিবলৈ স্থানীয় চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপাযুক্তলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল৷ দুৰ্বৃত্তটোক আটক কৰিবলৈ অভিযান অব্যাহত ৰখা জুৰীয়া আৰক্ষীয়ে অৱশেষত বুধবাৰে পুৱতি নিশা এক গোপন খবৰৰ ভিত্তিত জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ৰূপহীহাটৰ পৰা জিয়াবুৰক আটক কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।