ঢকুৱাখনাত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালাৰ আয়োজন

 07/10/2019 - 20:20

ঢকুৱাখনাঃ আজিৰে পৰা ঢকুৱাখনাৰ বাসুদেৱ থান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা হৈছে ১০ দিনীয়াকৈ গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টিৰে বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ কিশোৰ কিশোৰীসকলক সত্ৰীয়া নৃত্যত পাৰ্গত কৰা, সত্ৰীয়া নৃত্য নতুন প্ৰজন্মৰ মাজত সংৰক্ষণ কৰা তথা ভৱিষ্যতে জীয়াই ৰখাৰ লগতে মানসিক, শাৰীৰিক, বৌদ্ধিক বিকাশ তথা অভিনয় জগতখনত সুপ্ত প্ৰতিভাৰ বিকাশ ঘটোৱাৰ উদ্দেশ্য আয়োজন কৰা হৈছে এই কৰ্মশালা।

বাসুদেৱ থান মৰনৈ আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত শিশুসকলক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে। উক্ত কৰ্মশালাত এইবাৰ ৩০ গৰাকীতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে‌। প্ৰশিক্ষক হিচাবে উপস্থিত আছে সত্ৰীয়া নৃত্যৰ বিশাৰদ চন্দনা মহন্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।