ৰঙাপৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত দুজন আক্ৰান্ত

 07/10/2019 - 20:44

ৰঙাপৰাঃ বৰ্তমানলৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ফলত মৃ্ত্যুমুখত পৰিছে অৰ্ধশতাধিক লোক৷ আনহাতে বৰ্তমানেও বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ বহুতো লোক। জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ ৰঙাপৰাৰ ভেলৱাটাৰ গাঁৱৰ সোনাবিল অঞ্চলৰ মন্টিকা গুৱালা(৯) নামৰ এগৰাকী ছোৱালী তেজপুৰস্থিত মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কেইদিনমান ধৰি জ্বৰত আক্ৰান্ত হৈ থকাত হঠাৎ ডিঙিত কিছু বিষ অনুভৱ কৰাত তেজপুৰস্থিত মিছন চিকিৎসালয়ত ভৰ্তি কৰা হয়।

তাৰপিছতে কনমানী ছোৱালীজনী জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱা বুলি চিকিৎসকে অৱগত কৰে। ইপিনে নাহৰনী চাহ বাগিচাৰ সুশান্ত তাঁতী (৪)  নামৰ শিশুটি জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল যদিও বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি ৰঙাপৰা ক্ষুদ্ৰ চিকিৎসালয়ৰ মহকুমা চিকিৎসক ডঃদিলিৰিম অধিকাৰীয়ে সংবাদ মাধ্যমক অৱগত কৰে। তাৰোপৰি ৰঙাপৰাৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছৰ লগতে একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমৰ সন্ত্ৰাসে দেখা দিছে।

একিউট এনকেফেলাইটিছ ছীণ্ড্ৰমত আক্ৰান্ত হৈ এজন লোকেৰ মৃত্যু ঘটিছে।ধুলাপাদুং চাহ বাগিচাৰ জংঘল শ্রমিক লাইনৰ হানা মাৰ্কি(১১) যোৱা ৮ জুলাইত একিউট এনকেফেলাইটিছ ছীণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। আনহাতে চিকিৎসক ডঃ দিলিৰাম অধিকাৰীয়ে চিকিৎসালয়ত এজন মাত্ৰ চিকিৎসক থকাৰ কথা প্ৰকাশ কৰে। বৃহত্তৰ অঞ্চলটোত এজন চিকিৎসক হোৱাত ৰোগীক চিকিৎসা প্ৰদানৰ অসুবিধা সমূহৰ কথা উল্লেখ কৰে৷ জাপানী এনকেফেলাইটিছ ৰোগ নিৰ্মূলৰ বাবে চৰকাৰে বহু পদক্ষেপ লৈছে যদিও ৰঙাপৰাত চিকিৎসালয়ত আজিকোপতি এজনো মেলেৰিয়া লেবৰটৰী টেকনেছিয়ান নিয়োগ কৰা নাই। বৰ্তমান এগৰাকী টেকনিচিয়ানে এইচ আইভি,গৰ্ভধাৰণ পৰীক্ষা, টিবি,সাধাৰণ ৰোগী তথা মেলেৰিয়াৰ দৈনিক ১৫০ ৰ পৰা ২০০ ৰোগীৰ পৰীক্ষা সম্পৰ্ন কৰা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ ৰাইজে চিকিৎসালয়খনত চিকিৎসকে টেকনিচিয়ান নিয়োগ আৰু সজাগতাৰ দ্বাৰা বৰ্তমান চলি থকা ৰোগসমূহৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।