কাকপথাৰ ডিৰাকৰ এখন গাঁৱৰ দলঙক লৈ ক্ষোভ

 07/10/2019 - 21:12

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতি পিছপৰা, ভিতৰুৱা কঠালগুৰি গাঁৱৰ বাসিন্দাই শেহতীয়াকৈ স্থানীয় বিধায়ক বলিন চেতিয়াৰ ওপৰত ক্ষোভ প্ৰদৰ্শন কৰা দেখা পোৱা গৈছে৷ এই গাওঁখন আৱৰি আছে হাজাৰটা সমস্যাৰে৷ গাঁওখনৰ জলন্ত সমস্যাসমূহৰ ভিতৰত অন্যতম এটা সমস্যা হৈছে যাতায়তৰ সমস্যা৷ ইয়াৰে প্ৰধানত আছে দলঙৰ সমস্যা৷ গাঁওখনৰ মাজেৰে বৈ যোৱা মাইঠং পানী নৈৰ ওপৰত প্ৰায় ছয় বছৰ আগতেই বিধায়ক পুঁজিৰ প্ৰায় ছয় লাখ টকা ব্যয় দেখুৱাই অতি নিম্ন মানৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন দলং৷ যিখন দলং স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলেই উমান কৰিব পাৰি যে সেইখন দলং দৰাচলতে কিমান টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল৷ কি দৰে পিছপৰা আৰু ভিতৰুৱা গাঁৱৰ ৰাইজক অতি সহজে হোজা আৰু অজলা সজাই নিৰ্মাণ কৰিছিল উক্ত বিধ্বস্ত দলংখন৷

যিখন দলং কেইবাখনো গাঁৱৰ ব্যৱসায় বাণিজ্য, শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ ,চিকিৎসা গ্ৰহণৰ বাবে ৰোগী সকলৰ একমাত্ৰ সম্বল৷ কিন্তুু সেইখন গাঁৱত ১০৮ বাদেই এতিয়া সৰু সুৰা এখন বাহনো এইখন দলঙৰ ওপৰেদি পাৰ হৈ যাব নোৱাৰে৷ চাইকেল আৰোহীও খোজেৰে পাৰহৈ যাব লগীয়া হয় এই দলঙখনৰ ওপৰেদি৷ ভৰ বাৰিষা আহিলে দলংখন পানীয়ে প্ৰায় পুতিয়েই পেলায় বুলি কলেও ছাগে ভুল কোৱা নহ’ব৷ বহু বাৰ এই দলংখনত সৰু বৰ দুৰ্ঘটনা ঘটি আহিছে৷ সেইবাবে পলমকৈ হলেও এতিয়া কঠালগুৰি বাসী গঞাঁ ৰাইজে ক্ষোভ উজাৰিছে শদিয়া সমষ্টিৰ স্থানীয় বিধায়ক বলিন চেতিয়াৰ ওপৰত৷ কেইবাবাৰো বিধায়ক, পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী আমোলা, দলীয় নেতাক অনোনয় বিনোনয় কৰাৰ পাছতো তেওঁলোকে এই সমস্যাটোৰ ওপৰত কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে গাওঁখনৰ ৰাইজে৷

স্থানীয় গঞাঁ ৰাইজে সংবাদ মাধ্যমৰ আগত বিধায়ক গৰাকীৰ ওপৰত ক্ষোভ উজাৰি কয় যে অনতিপলমে যদি গাওঁখনৰ উক্ত দলংখন নিৰ্মাণ কৰি নিদিয়ে তেন্তে অনাগত সময়ত গাওঁবাসীয়ে জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব৷ গতিকে আগন্তুক দিনত দলংখন নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক বলিন চেতিয়াই কিমান গুৰুত্ব প্ৰদান কৰে ? গাওঁবাসীৰ অনুৰুধ ৰক্ষা কৰি তেওঁলোকৰ সমস্যা দূৰ কৰে নে নকৰে? বিগত দিনচোৱাত দলংখনৰ কাম ইমান নিম্নমানৰ কিয় হ’ল তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেইয়া উল্লেখনীয় বিষয় হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।