মৰিগাঁৱত ন্যায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে এটা পৰিয়াল

 07/10/2019 - 21:21

মৰিগাওঁঃ ন্যায় বিচাৰি এটা পৰিয়ালৰ হামৰাও মৰিগাঁৱত। উত্থাপিত অভিযোগ মতে বিগত ২৭ জুনত মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত তৰাজান গড়মাৰীত খুড়াক মজিবুৰ ৰহমানৰ সাতজনকৈ পৰিয়ালৰ লোকে বৰদেউতাক আমানুৰ ৰহমানৰ ঘৰত প্ৰথমে ঘৰৰ সামগ্ৰী লুটপাট কৰি পিছত অগ্নি সংযোগ কৰে। অৱশ্যে মৰিগাঁৱৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়।

ইফালে এই অগ্নিকাণ্ড সংঘটিত কৰা বুলি আমানুৰৰ পৰিয়ালে গোচৰ ৰুজু কৰে মিকিৰভেটা আৰক্ষী থানাত। সম্প্ৰতি মিকিৰভেটা আৰক্ষী থানাত 235/19 নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ 448/427/436/34 ধাৰাত গোচৰ ৰুজু কৰি তদন্ত কৰিছে যদিও অভিযুক্তসকলক আটক নকৰাত ভীতিগ্ৰস্ত হৈছে বৰদেউতাকৰ পৰিয়ালটো।

কাৰণ থানাই হেনো ধৰিবলৈ নাহে সাত আচামীক। মন কৰিবলগীয়া কথা যে মিকিৰভেটা আৰক্ষী থানাৰ পৰা ন্যায় নাপায় পৰিয়ালটোৱে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ শৰণাপন্ন হৈ ন্যায় পোৱাৰ বাবে দাবী জনাইছে৷ পৰিতাপৰ বিষয় এয়ে যে জিলা আৰক্ষী অধীক্ষক পৰাও সহাৰি নোপোৱাত শেহতীয়াকৈ কাষ চাপিছে জেচিচিৰ ওচৰত। এনেক্ষেত্ৰত লক্ষ্যণীয় হৈছে এই অভিযোগৰ বিৰুদ্ধে কি পদক্ষেপ ল’ব মৰিগাঁও আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।