বিজেপিত যোগদান ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ

 03/23/2019 - 13:47

ডিজিটেল ডেস্ক: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে যোগদান কৰে ৰাজনীতিত। শুকুৰবাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় মন্ত্রী ৰবি শংকৰ প্ৰসাদ আৰু অৰুণ জেটলিৰ উপস্থিতিত বিজেপিত যোগদান কৰে ক্ৰিকেটাৰগৰাকীয়ে। বিজেপিত অংশগ্ৰহণ কৰিয়ে ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে, বিজেপিত যোগদান কৰি তেওঁ অত্যন্ত সুখী।

তেওঁ প্ৰধানমন্ত্রী মোডীৰ আদৰ্শৰে অনুপ্ৰাণিত। সমাজ তথা সমাজৰ প্ৰত্যেকজন লোকৰ সমস্যা সমাধানৰ বাবে তেওঁ এখন উপযুক্ত মঞ্চ লাভ কৰিছে। লগতে এই মঞ্চৰ জৰিয়তে তেওঁ অনাগত দিনবোৰত সমাজৰ হৈ কাম কৰি যাব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে।

অৱশ্যে তেওঁ কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই। উল্লেখ্য যে, প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পূৰ্বৰেপৰাই সক্ৰিয়ভাৱে সমাজৰ হৈ কাম কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।