চৰকাৰী বিষয়াৰ ঘৰৰ পৰা জব্দ ৯৩.৫ লাখ টকা

 07/11/2019 - 12:52

ডিজিটেল ডেস্কঃ তেলেংগানাত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য। ৰাংগা ৰেড্ডী জিলাৰ লাৱণ্য নামৰ এগৰাকী তহচিলদাৰৰ ঘৰৰ পৰা দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছে ৯৩.৫ লাখ টকা।

লগতে জব্দ কৰা গৈছে সোণৰ আ-অলংকাৰো। বৰ্তমানেও ঘটনাক কেন্দ্ৰ কৰি তদন্ত অব্যাহত আছে। চৰকাৰী বিষয়াৰ ঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।