ভাৰােত্তােলন প্ৰতিযােগিতাত স্বৰ্ণপদক অৰ্জন মীৰাবাঈ চানুৰ

 07/11/2019 - 13:09

ডিজিটেল ডেস্কঃ আপিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ ভাৰােত্তােলন প্ৰতিযােগিতাত মণিপুৰৰ মীৰাবাঈ চানুৱে স্বৰ্ণপদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। মঙলবাৰে অনুষ্ঠিত হােৱা প্ৰতিযােগিতাখনত সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় মীৰাবাঈ চানুৱে।

৪৯ কেজি শাখাত অংশগ্ৰহণ কৰি ৮৪ কিলােগ্ৰাম, ১০৭ কিলােগ্ৰাম, ১৯১ কিলােগ্ৰাম ভাৰােত্তােলনেৰে স্বৰ্ণপদক লাভ কৰি অলিম্পিকত নিজৰ যােগ্যতা প্ৰদৰ্শন কৰে খেলুৱৈগৰাকীয়ে। ভাৰতৰ কমনৱেলথ গেমছত সৰ্বমুঠ জ্যেষ্ঠ, কনিষ্ঠ আৰু যুৱ পৰ্যায়ত ৮টা সােন, ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ মেডেলেৰে মুঠ ১৩টা পদক অৰ্জন কৰে মীৰাবাঈয়ে।

আগন্তুক টকিঅ’ অলিম্পিক ২০২০লৈ নিৰ্বাচিত হ’ল ভাৰত গৌৰৱ মীৰাবাঈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।