বৰপেটা ছোৱালী মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে বন্তি কলিতাই

 07/11/2019 - 13:16

বৰপেটাঃ ২০১৯ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ ভিতৰত স্নাতক ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত অসমীয়া(গুৰু) বিষয়ত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী বন্তি কলিতাই দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

ইয়াকে লৈ বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ সহিতে সকলো বিভাগৰ প্ৰৱক্তা তথা কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰে। বন্তি কলিতাৰ এই কৃতকাৰ্য্যতাত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ লগতে বৰপেটাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।