২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি অৱশেষত মৃত্যুক সাৱটিলে শিক্ষকে

 07/11/2019 - 14:03

ৰঙিয়াঃ সুদীৰ্ঘ ২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি অৱশেষত মৃত্যুক সাৱটিলে ৰঙিয়াৰ মাদৈকটাৰ এজন শিক্ষকে| জীৱনৰ শেষ কালচোৱাতো নিজৰ পদটো চৰকাৰীকৰণ নহ'ল বাক্সা জিলাৰ ভোগপুৰ হাই মাদ্ৰাছাত শিক্ষকতা কৰা আছাদ খান নামৰ শিক্ষক গৰাকীৰ। আৰ্থিক দৈন্যতাই বাৰুকৈ জুৰুলা কৰা শিক্ষকগৰাকীয়ে বিগত ২৫ বছৰে শিক্ষকতা কৰিলে যদিও নিজৰ পদটো চৰকাৰীকৰণ নহ’ল।

নিজৰ পদটো চৰকাৰীকৰণ নোহোৱাত মানসিকভাৱে ভাগি পৰিছিল শিক্ষক গৰাকীৰ লগতে সমগ্ৰ পৰিয়ালটোৱেও। পৰিয়াল পোহ-পাল দিবলৈ এই শিক্ষকগৰাকীয়ে দিন হাজিৰা পর্যন্ত কৰিব লগা হৈছিল। উল্লেখযোগ্য যে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা আছাদ খান নামৰ শিক্ষকগৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত। কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শিক্ষকজনে। বুধবাৰে ৰাতিপুৱা শিক্ষকগৰাকীয়ে হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত এইগৰাকী শিক্ষকে এজনী কন্যা লগতে পুত্ৰ সন্তান আৰু পত্নীক এৰি থৈ যায়। প্ৰশ্ন হয় জীৱনৰ গোটেই সময়ছোৱা আনৰ ল’ৰা ছোৱালীক বিনা বেতনে পঢ়ুৱাই মানুহ কৰা এইজন আছাদ খানৰ ল'ৰা ছোৱালীৰ কি হ’ব ভৱিষ্যৎ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।