লাহৰীঘাটৰ সমগ্ৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ বানৰ কবলত

 07/11/2019 - 14:17

মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰী কছাৰী গাঁৱত ৰিং বান্ধ ছিঙিলে মহাবাহু ব্ৰহ্মপুত্ৰই। জানিব পৰা মতে আজি পুৱা ৬.৩০ বজাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ খহনীয়াত ৰিং বান্ধটো ছিঙি তীব্ৰ বেগেৰে অহা পানীৰ ফলত বহুতো ঘৰ-দুৱাৰৰ লগতে পোহনীয়া জীৱ-জন্তু বানত উটি যায়।

উল্লেখযোগ্য যে যোৱা ২ টা বছৰে লাহৰীঘাট অঞ্চলৰ বহুকেইটা ৰাজহ গাঁও খহনীয়াত জাহ যোৱাৰ পিছতো চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ধৰণৰ স্থায়ী সমাধানৰ পদক্ষেপ নোলোৱাৰ ফলত আজি লাহৰীঘাটৰ বৃহৎ অঞ্চল পানীৰ তলত জাহ গৈছে। ৰাইজৰ অভিযোগ খহনীয়াগ্ৰস্ত এই ঠাইত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত তিনি বাৰকৈ অহাৰ পিছতো ইয়াত মথাউৰি নিৰ্মাণ নহ’ল তাৰ পৰিৱৰ্তে এটা ৰিং বান্ধ বান্ধী জলসম্পদ বিভাগৰ দায়িত্ব সামৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত ঠাই পৰিদৰ্শন কৰি প্ৰতিশ্ৰতি দিছিল যে অতি সোনকালে খহনীয়া ৰোধৰ ব্যাৱস্থা লোৱা হ’ব কিন্তু কাৰ্য্যতঃ সেয়া পৰিলক্ষিত নহ’ল। চৰকাৰ তথা জিলা প্ৰশাসনে বানাক্ৰান্ত লোকক বাবে কি ধৰণৰ ব্যাৱস্থা ল’ব সেয়া সময়ত লক্ষনীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।