বৰলীয়া নৈৰ খহনীয়াই চলাইছে তাণ্ডৱ

 07/11/2019 - 14:30

নলবাৰীঃ ৰাজ্যত চৌদিশে এতিয়া বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ। জিলাখনৰ নলবাৰী-কামৰূপ সীমান্তৰ গৰমচুঙত খহনীয়াৰ ফলত সন্ত্ৰস্ত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। উল্লেখযোগ্য যে গৰমচুঙ অঞ্চলত নৈৰ পাৰত বসবাস কৰা প্ৰায় ১০ টা পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হৈছে নৈখনৰ খহনীয়াৰ বাবে। যিকোনো মুহূৰ্ততে নৈখনৰ বুকুত জাহ যাব পাৰে পৰিয়ালকেইটাৰ বাসগৃহ।

ইফালে নৈৰ পাৰত থকা পথটিও খহনীয়াত যাহ গৈছে। নৈখনৰ মাজৰে ইফাল সিফাল হ’বলৈ আছে মাত্ৰ এখন টুলুঙা নাও। নাৱেৰে ইপাৰ-সিপাৰ হয় যদিও এতিয়া আহ-যাহ কৰিবলৈ নাই পথছোৱা। বৰলীয়া নৈৰ খহনীয়াৰ ফলত এই পৰিয়ালকেইটাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এটা চৰকাৰী বিভাগ থকাৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই খহনীয়াৰ ক্ষেত্ৰত। যাৰ ফলত এতিয়া মৰণত শৰণ দি হ’লেও চলাই গৈছে জীৱন যাত্ৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।