উটি গ’ল মৰিডিক্ৰং নদীৰ বাঁহৰ দলং

 07/11/2019 - 14:43

নাৰায়ণপুৰঃ যোৱা কেইবাদিন ধৰি দিয়া মুলষধাৰ বৰষুণৰ ফলত বাঢ়ি অহা মৰিডিক্ৰং নদীৰ পানীত কেইবাখনো গাঁও জলমগ্ন হোৱাৰ লগতে কালি সন্ধিয়া নদীখনৰ ওপৰত থকা এখন দলঙো উটি যায়। জানিব পৰা মতে ১০ জুলাইৰ সন্ধ্যা নাৰায়ণপুৰ পৰা বৃহত্তৰ বৰদেউৰী গাঁৱলৈ যোৱা গড়কাপ্টানি পথৰ মৰিডিক্ৰং নদীৰ ওপৰত থকা বাঁহৰ দলংখন উটুৱাই লৈ যায়।

প্ৰবল পানীত মেটেকাৰ থেলাত এনে হোৱা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। উল্লেখ্য যে দলংখন উটুৱাই নিয়াৰ সময়ত এগৰাকী গাহৰি বেপাৰীৰ চাইকেলৰ লগতে গাহৰি পোৱালিকেইটাও উটি যায়। প্ৰতি বছৰে দেউৰী স্বায়ত্ব পৰিষদে লাখ লাখ টকা খৰচ কৰি এনেদৰে অস্থায়ীভাৱে বাঁহৰ দলং দি আহিছে। যাৰ ফলত খীৰতি গাই হিচাপে পৰিচিত এই গুৰুত্বপূৰ্ণ পথটিৰ ওপৰত শীঘ্ৰে এখন পকী দলং দিয়াৰ বাবে স্থানীয় ৰাইজে দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।