কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি

 07/11/2019 - 14:53

হামৰেণঃ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে। ইতিমধ্যে কাৰ্বি লাংপি নদীয়ে বুৰাই পেলাইছে বৈঠালাংছʼ-বৰচালিক সংযোগ কৰা গড়কাপ্টানি পথটো। বৰ্হিৰাজ্যৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে বৃহত্তৰ বৰচালি অঞ্চলৰ বহুকেইখন গাঁও। নদীৰ বাঢ়নী পানীৰ ফলত এতিয়াও জলমগ্ন হৈ আছে খাৰুপিন্ধা, বৰচিলি, উদমাৰী, ইংহিন, আমডুবি আদি অঞ্চল।

বানৰ ফলত হাজাৰ হাজাৰ কৃষিভূমিৰ বিস্তৃত ক্ষতি সাধন হৈছে। প্ৰতিটো মুহূৰ্তত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ব্যাপক শংকাত ভূগিছে নৈ পৰীয়া ৰাইজৰ মাজত। আনহাতে পাহাৰীয়া এলেকাত এতিয়াও অব্যাহত আছে প্ৰৱল বৰষুণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।