বাক্সাত এজনক হত্যাৰ চেষ্টাঃ সংকটজনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ

 07/11/2019 - 14:59

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ কাউলীৰ পাহাপুৰত কালি নিশা এজন লোকক কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ভাৰত-ভূটান সীমান্তৰ কাউলী পাহাৰপুৰ নিবাসী এডৱাৰ্ড কিস্কুৰ একমাত্ৰ পুত্ৰ হেলাৰুছ কিস্কু (৩০)ক নিজৰ ঘৰৰ সম্মুখতে ডিঙি আৰু শৰীৰৰ কেইবা ঠাইতো চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰি পেলাই থৈ দুৰ্বৃত্ত পলাই যায়।

পিছত স্থানীয় লোক কেইজনমানে লোকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি প্ৰথমে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে আৰু তামুলপুৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে হেলাৰুছক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কোনে কি কাৰণত হেলাৰুছক চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে সেয়া ৰহস্যৰ আৱৰ্তত। কি কাৰণত হেলাৰুছক হত্যাৰ চেষ্টা কৰা হৈছিল সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।