মথাউৰীৰ বাঢ়নী পানীত জলমগ্ন উত্তৰ-পশ্চিম যোৰহাট

 07/11/2019 - 15:01

যোৰহাটঃ মুষলধাৰ বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হয় উত্তৰ-পশ্চিম যোৰহাটৰ বিস্তীৰ্ণ অঞ্চলত। যোৰহাটৰ উপকণ্ঠৰ উত্তৰ-পশ্চিমৰ মালৌখাট গাঁৱৰ সমীপৰ ভোগদৈ মথাউৰীৰ বৃহৎ অংশ নদীৰ প্ৰথমটো বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ পাছত কিছুদিন ধৰি নদীৰ জলস্তৰ হ্ৰাস পাইছিল যদিও পুনৰ বৃদ্ধি পোৱাত সেই ছিগা অংশৰে নদীৰ পানী সোমাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। ভোগদৈ নদীৰ এই বাঢ়নী পানীয়ে ইতিমধ্যে অঞ্চলটোৰ মালৌখাট, মালৌপাম, বালিখুটি, ৰান্ধনিজান গাঁৱকে ধৰি প্ৰায় ১০-১২ খন গাঁও পুনৰ প্লাৱিত কৰিছে। অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল নদীৰ পানীয়ে পুনৰ প্লাৱিত কৰাত ৰাইজে ওখ স্থানত আশ্ৰয় বিছাৰি হাহাকাৰ কৰিছে। খাদ্য,বাসস্থান আৰু বিশুদ্ধ খোৱা পানীৰ বাবে অঞ্চলবাসী সমস্যাত পৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ মাজতে একাংশই মথাউৰী, পথৰ কাষত চালি নিৰ্মান কৰি আশ্ৰয় লৈছে। বানপীড়িতৰ কাষত প্ৰশাসনৰ লোক তথা জনপ্ৰতিনিধি উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হয়। ৰাইজে প্ৰকাশ কৰা অনুসৰি যোৰহাট জিলা প্ৰশাসন তথা জলসম্পদ বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ বাবে নদীৰ প্ৰথমটো বানতে উটি গল মথাউৰীৰ বৃহৎ অংশ। এই ছিগা অংশক লৈ প্ৰশাসন, জনপ্ৰতিনিধি, চৰকাৰ তথা মন্ত্ৰী-আমোলাই ল'ৰা ধেমালি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰকাশ কৰে যে ছিগা অংশত বৰমূৰীয়াসকল উপস্থিত হৈ বাৰিষাৰ সময়ত মথাউৰী নিৰ্মান কৰা অসম্ভৱ বুলি প্ৰকাশ কৰিলেও ৰাইজক সকাহ দিবলৈ এক ব্যৱস্থা গ্ৰহন কৰিব পাৰিলেহেঁতেন। কিন্তু কোনো এটা পক্ষই ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰি কেৱল নিম্ন মানেৰে ছিগা অংশত বাঁহৰ বুৰুজ মাৰিয়েই দায়িত্ব সামৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।