স্বাস্থ্যখণ্ডৰ ফোপোলাস্বৰূপঃ লংকাত গভৰ্ৱতী মহিলাক ঠেলাগাড়ীত আনিলে চিকিৎসালয়লৈ

 07/11/2019 - 15:10

লংকাঃ স্বাস্থ্যখণ্ডৰ আমুল পৰিৱৰ্তনৰ শ্লোগান আওৰাই থাকিলেও ৰাজ্যখনৰ সৰ্বত্ৰে যে আজিও স্বাস্থ্যখণ্ডৰ পঁয়ালগা অৱস্থাই বিৰাজ কৰি আছে তাৰেই এক ছবি দাঙি ধৰিছে হোজাই জিলাৰ লংকাৰ কাকীত৷ নৱগঠিত হোজাই জিলাখনত আজিও পৰ্যাপ্ত নহ’ল স্বাস্থ্যসেৱাৰ দ্ৰুত উন্নয়নৰ ব্যৱস্থা। তাৰেই এক জীয়া ছবি দাঙি ধৰিছে জিলাখনৰ কাকী গ্ৰামাঞ্চলৰ এগৰাকী গভৰ্ৱতী মহিলাক ঠেলাত অনা দৃশ্যই।

ৰাজ্যৰ দুটাকৈ বিয়াগোম বিভাগ স্বাস্থ্য আৰু গড়কাপ্টানি বিভাগৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাই সদাই ঢাক ঢোল বজাই আহিছে বিভাগ দুটাৰ বিষয়ে। কিন্তু তেওঁৰ স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী সময়ত উপস্থিত নোহোৱাৰ লগতে তেওঁৰেই দায়িত্বত থকা গড়কাপ্টানি বিভাগটোৰ অধীনত পকীপথ তথা পথৰ সুবিধাজনক ব্যৱস্থা নথকাৰ বাবেই স্বাস্থ্যসেৱাৰ অত্যন্ত জৰুৰী মৃত্যুঞ্জয় সেৱা চলাচলৰ অজুহাত দেখুৱাই হেতালি খেলি আহিছে গ্ৰামাঞ্চলত।

গ্ৰামাঞ্চলৰ স্বাস্থ্যসেৱা উন্নয়নেই চৰকাৰখনৰ মূল লক্ষ্য যদিও আজিও গ্ৰামাঞ্চলত ব্যাহত এই সেৱা। উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ সশ্লিষ্ট বিভাগটোৰ মন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰতাপী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই গ্ৰামাঞ্চলৰ খবৰ ৰাখিছেনে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

সম্প্ৰতি বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ অন্তৰ্গত কাকী বনাঞ্চলৰ এগৰাকী গভৰ্ৱতী মহিলাই কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এটি সন্তান প্ৰসৱ কৰে যদিও নিশা ঠেলাৰে কঢ়িয়াই আনি গভৰ্ৱতী মহিলাক প্ৰসৱ কৰোৱাৰ ঘটনাই স্বাস্থ্যখণ্ডৰ আচল স্বৰূপটো উদঙাই দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।