"সংগীতশ্ৰী প্রভাত শর্মা উদগনি বঁটা ২০১৯" হীৰকজ্যোতি শর্মালৈ

 07/11/2019 - 15:47

ডিজিটেল ডেস্কঃ অসমৰ বিস্ময়কৰ লােকবাদ্য সুৰ সমলয় 'দেৱগান্ধাৰ'ৰ স্ৰষ্টা, বাঁহীৰ যাদুকৰ সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ ৮৫ সংখ্যক জন্ম দিৱস ৭ জুলাইত গুণমুগ্ধসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। এই উপলক্ষে উক্ত দিনা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত সৰ্বপ্ৰথমবাৰৰ বাবে সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বটা প্ৰদান কৰা হয় দেৱবাদ্য খােলৰ এগৰাকী প্ৰতিভাৱান শিল্পী গিৰেণ কলিতাক।

'চিত্ৰাচল’ৰ উদ্যােগত সৰগম সংগীত বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানত বঁটাটি প্ৰভাত শৰ্মাই নিজেই প্ৰদান কৰে 'দেৱগান্ধা’ৰ অন্যতম শিল্পী গিৰেণ কলিতাক। বঁটাত আছে এটা স্মাৰকৰ লগতে এখনি পাটৰ চেলেং চাদৰ আৰু প্ৰশস্তি পত্ৰ। বঁটা প্ৰদান কৰি দিয়া ভাষণত বিশিষ্ট শিল্পী প্ৰভাত শৰ্মাই অনুজ শিল্পী গিৰেণ কলিতাৰ প্ৰতিভাক প্ৰশংসা কৰি কয়- শিল্পী সাধনা সাধাৰণ কথা নহয়। এই সাধনা হ’ব লাগিব অন্তৰৰ পৰা।

এই সাধনা হ’ব সমাজৰ বাবে। প্ৰশান্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানটােত বঁটা গ্ৰহণ কৰি দিয়া ভাষণত গিৰেণ কলিতাই কয় যে খােল-তালেৰে সংগীতৰ সাধনাৰ তেওঁৰ যি যাত্ৰা সেয়া সম্ভৱ হৈছে প্ৰভাত শৰ্মা আৰু তেওঁৰ ভাতৃ মুৰব্বী শৰ্মাৰ বাবে। তেনে এগৰাকী বৰেণ্য শিল্পী প্ৰভাত শৰ্মাৰ জীৱন কালতে তেওঁৰ প্ৰতি সন্মান জনাই আগবঢ়ােৱা বঁটা তেওঁলৈকে প্ৰথম আগবঢ়ােৱাত কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানত প্ৰভাত শৰ্মাৰ পত্নী ৰেণু দেৱী, তেওঁৰ কন্যা প্ৰথিতযশা শিল্পী তৰালী শৰ্মা, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া অৱনী ৰঞ্জন পাঠক, অসম শক্তি বিতৰণ কােম্পানী লিমিটেডৰ উপ মহাপ্ৰৱন্ধক ত্ৰিদিব কুমাৰ মহন্ত, আইআইটি গুৱাহাটীৰ অধ্যাপক অনুপম শইকীয়া, চিত্ৰবনৰ সম্পাদক তথা বঁটা প্ৰদান অনুষ্ঠানটিৰ অন্যতম উদ্যােক্তা উৎপল মেনা, মৃনাল শৰ্মাৰ লগতে বহু কেইগৰাকী শিল্পী, বিশিষ্ট ব্যক্তি আৰু 'সৰগম’ৰ সদস্য-শিক্ষাৰ্থীসকল উপস্থিত থাকে।

অৱনী ৰঞ্জন পাঠক আৰু তৰালী শৰ্মাই প্ৰভাত শৰ্মাক শুভেচ্ছা জনাই ভাষণ দিয়াৰ লগতে তৰালী শৰ্মাই গীতো পৰিৱেশন কৰি উপস্থিত সকলােকে মন্ত্ৰমুগ্ধ কৰে। 'চিত্ৰাচল’ৰ সম্পাদক মৃনাল শৰ্মাই সকলােকে আদৰণি জনাই ভাষণ দিয়ে। বঁটা প্ৰদান সমিতিৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে পৰৱৰ্তী বৰ্ষৰ বাবে সংগীতশ্ৰী প্ৰভাত উদগনি বঁটা উদীয়মান ঢােল আৰু টােকাৰী গীতৰ শিল্পী তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ স্নাতকােত্তৰ ছাত্ৰসন্থাৰ সাংস্কৃতিক সম্পাদক হীৰকজ্যােতি শৰ্মাক আগবঢ়ােৱাৰ সিদ্ধান্ত ঘােষণা কৰি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত হীৰকজ্যােতিয়ে লাভ কৰা সাফল্যৰ সবিশেষৰ উল্লেখ কৰে।

সৰগম সংগীত বিদ্যালয়ৰ উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযােগ্য যে জন্মদিনৰ দিনা পুৱা 'চিত্ৰাচল’ৰ কৰ্মাকৰ্তাসকলৰ লগতে গুণমুগ্ধ প্ৰভাত শৰ্মাৰ বাসভৱনত শিল্পীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনাই কেক কাটে। আনহাতে সৰগম সংগীত বিদ্যালয়ত যােৱা ৬ জুলাইৰ পৰা অনুষ্ঠিত কৰা লােক সংগীতৰ কৰ্মশালাত এই বৰ্ষৰ বিষয়ৰূপে প্ৰভাত শৰ্মাৰ 'লােক-সংগীত’।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।