৩০ মাৰ্চত অসমলৈ আহিব নৰেন্দ্ৰ মোডী

 03/23/2019 - 14:37

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী মোডী লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে অসমত আহি উপস্থিত হ’বহি অহা ৩০ মাৰ্চত।বিভিন্ন ঠাইত বিভিন্ন দলৰ নেতাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে,ঠিক সেই উদ্দেশ্যেৰেই অসমৰ বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ’বহি অসমত।

প্ৰধানমন্ত্ৰী গৰাকীয়ে উক্ত দিনটোত অসমৰ প্ৰথম পৰ্যায়ত হ’বলগীয়া ডিব্ৰুগড়,যোৰহাট আৰু তেজপুৰৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাব। সেই অনুসৰি তেখেতে ৩০ মাৰ্চৰ দিনটোত মৰাণ আৰু গহপুৰৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।