চাকৰিৰ সংবাদ

 07/11/2019 - 15:53

অসমৰ খাদী গ্ৰামোদ্যোগ আয়োগত ১১৯টা পদ খালি

অসমৰ খাদী আৰু গ্ৰামোদ্যোগত পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। নিয়ুক্তি সন্দৰ্ভত আয়োগৰ তৰফৰ পৰা প্ৰকাশিত তথ্য অনুসৰি মুঠ ১১৯টা খালী পদ আছে। এই পদসমূহৰ ভিতৰত সহকাৰী সঞ্চালক গ্ৰামোদ্যোগৰ ৩টা পদ, সহকাৰী সঞ্চালক এডমিন এণ্ড এইচআৰৰ ১টা, সহকাৰী সঞ্চালক এফবিএএৰ ৩টা, ছিনিয়ৰ এগজিকিউটিভ ইচিআৰৰ ৯টা, এগজিকিউটিভ ভিলেজ ইণ্ডাষ্ট্ৰিজৰ ৪১টা এগজিকিউটিভ খাদীৰ ৮টা, এগজিকিউটিভ ট্ৰেইনিঙৰ ৪টা, জুনিয়ৰ এগজিকিউটিভ এফবিবিএৰ ১৬টা, জুনিয়ৰ এগজিকিউটিভ এডমিনৰ ২১ টা, এছিচটেণ্ট খাদীৰ ১টা আৰু এছিচটেণ্ট ট্ৰেইনিঙৰ ১টা পদ। এই পদসমূহৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকল ১ জানুৱাৰী ১৯৮০ চনৰ পৰা ৩১ ডিচেম্বৰ ১৯৮৯ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। আগ্ৰহী প্ৰাৰ্থীসকলে পদৰ বাবে থাকিবলগীয়া শিক্ষা অৰ্হতা তথা বয়সৰ সময়সীমা, বাছনি প্ৰক্ৰিয়া তথ্যৰ বাবে আয়োগৰ ৱেবছাইট www.kvic.org.in ত লগ-ইন কৰিব পাৰে। আবেদন গ্ৰহণৰ অন্তিম দিন ৩১ জুলাই।

হৰিয়ানা এছএছচিত ১,১০০টা পদ খালি

হাৰিয়ানা ষ্টাফ ছিলেকচন কমিছন(এছএছচিত) কেইবাটাও খালি পদ পূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। খালি থকা পদসমূহৰ ভিতৰত জেনেৰেলৰ বাবে ৪৭টা, এছচিৰ বাবে ১২০টা, বিচিএৰ বাবে ১৭৬টা, বিচিবিৰ বাবে ১২১টা আৰু ইডব্লিউএছৰ বাবে ১১০টা পদ আছে। উক্ত পদসমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। লগতে হিন্দী আৰু সংস্কৃত শাখাৰ জ্ঞান থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স উৰ্ধ্বসীমা ৪২ বছৰ হ’ব লাগিব। আবেদনৰ অন্তিম তাৰিখ ১৭ জুলাই। অধিক তথ্যৰ বাবে বিভাগৰ ৱেবছাইট adv82019.hryssc.in ত লগ ইন কৰিব পাৰে।

এনআৰএইচএমত ২২টা পদ মুকলি

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমত কেইবাটাও পদ পূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। উক্ত পদসমূহৰ ভিতৰত ৰেৰ্কডকীপাৰ কাম মনিটৰিং এণ্ড ইভালুৱেচন অফিচাৰ ৭ টা আৰু কেচ ৰেজিষ্ট্ৰী এছিচটেণ্ট ১৫টা। প্ৰথম পদটোৰ বাবে প্ৰাৰ্থীৰ বয়সৰ সময়সীমা ২১ৰ পৰা ৪৩ আৰু শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। দ্বিতীয় পদটোৰ বাবে উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ হ'ব লাগিব লগতে উইণ্ডোজৰ জ্ঞান থাকিব লাগিব। অধিক জানিবলৈ আগ্ৰহীসকলে এনআৰএইচএমৰ ৱেবছাইট nhm.assam.gov.in চাব পাৰে। আবেদনৰ অন্তিম দিন ১৫ জুলাই ২০১৯।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।