লংকা ষ্টেচনত উদ্ধাৰ নিচাযুক্ত টেবলেট

 07/11/2019 - 16:00

লংকাঃ হোজাই জিলাৰ লংকা ৰেল ষ্টেচনত উদ্ধাৰ হয় বহু পৰিমানৰ নিচাযুক্ত টেবলেট। বুধবাৰে সন্ধিয়া লংকা ৰেল আৰক্ষীয়ে চলােৱা তালাচি অভিযানত এক নম্বৰ প্লেটফৰ্মত আৰক্ষীয়ে উদ্ধাৰ কৰে গৰাকীবিহীন এটি মোনা।

উক্ত মোনাটোৰ ভিতৰত ৩৪টা পলিথিনত, সৰ্বমুঠ ২৪,৮২০ টা নিচাযুক্ত টেবলেট জব্দ কৰে ৰেল আৰক্ষীয়ে। এই নিচাযুক্ত টেবলেটখিনিৰ মূল্য প্ৰায় ১/২ লাখমান হ’ব বুলি ৰেল আৰক্ষীয়ে জানিব দিয়ে।

 টেবলেটখিনি বৰ্তমান ৰেল আৰক্ষীৰ জিম্মাত ৰখা হৈছে যদিও ঘটনাৰ লগত জড়িত কোনো ব্যক্তিক এতিয়ালৈকে আটক কৰিব পৰা হােৱা নাই। ঘটনা সন্দৰ্ভত লংকা ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।