এনডিআৰএফৰ উদ্যোগত 'নেপাত' ছয়মাহজোৰা দুৰ্যোগ প্ৰশমন শিবিৰৰ সামৰণি

 07/11/2019 - 16:10

ডিজিটেল ডেস্ক: গুৱাহাটী আজাৰাৰ পাটগাঁৱত প্ৰথমবাৰৰ বাবে এনডিআৰএফ বাহিনীৰ উদ্যোগত আৰু শ্বিলঙৰ সমীপৰ বৰাপানীস্থিত নৰ্থ ইষ্ট পুলিচ একাডেমী চমুকৈ 'নেপা' কৰ্তৃপক্ষৰ সহযোগত ৩ জুনৰ পৰা ৬ সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিতত দুৰ্যোগ প্ৰশমনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ ১১ জুলাইত সামৰণি পৰে। প্ৰশিক্ষণ কাৰ্যসূচীত অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মিজোৰামৰ ৰাজ্যিক আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ মুঠ ৩৩ গৰাকী বিষয়া জোৱানে ভাগ লয়।

মুখ্য প্ৰশিক্ষকদ্বয়ৰ নেতৃত্বত প্ৰথম এনডিআৰএফৰ ১১ জনীয়া প্ৰশিক্ষকৰ দলটোৱে প্ৰশিক্ষাৰ্থীসকলক ভূমিকম্প, ভূমিস্খলনকে ধৰি প্ৰাকৃতিক দুৰ্যোগ, কেমিকেল-বায়কেমিকেল, ৰেডিঅ'লজীকেলকে ধৰি আণৱিক, পাৰমাণৱিককে ধৰি তেজস্ক্ৰিয় দুৰ্যোগত আক্ৰান্ত আৰু আৱদ্ধ লোকক নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা, আহতসকলক প্ৰাথমিক চিকিৎসাদান আদিৰ কলা-কৌশল সমূহৰ বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। প্ৰশিক্ষণৰ তদাৰক কৰা 'নেপাৰ' উপ সহকাৰী সঞ্চালক ড°এম এল জোৱে জানিবলৈ দিয়ামতে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্যই হৈছে ইয়াত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকলে যাতে নিজ ৰাজ্যলৈ গৈ নিজৰ বাহিনীৰ লোকসকলক দুৰ্যোগ প্ৰশমনৰ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।