আজিৰে পৰা বন্ধ হ'ব ফেৰী সেৱা

 07/11/2019 - 16:30

ডিজিটেল ডেস্ক: বৰ্তমান অসম বানপানীৰ কবলত। ঘণ্টাই প্ৰতি বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। বৰ্তমান ৪৯.৪২ ছেণ্টিমিটাৰেৰে বৈছে মহাবাহুৰ পানী। ৪৯.৬৮০ ছেণ্টিমিটাৰত আছে বিপদ সীমা। CWCএ প্ৰকাশ কৰা তথ্য অনুসৰি বিয়লি বিপদসীমা অতিক্ৰম কৰাৰ আশংকা আছে।

মহাবাহুৰ বাঢ়নী পানীৰ ফলত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ যাতায়ত ব্যৱস্থাত যথেষ্ট ব্যাঘাত জন্মিছে। যাৰ বাবে আভ্যন্তৰীন জলপৰিবহন বিভাগে আজি সন্ধিয়া ৬.৪৫ বজাৰ পৰা ফেৰী সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস নোহোৱালৈ বন্ধ থাকিব এই ফেৰী সেৱা। কামৰূপ উপায়ুক্তৰ নিৰ্দেশ মতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলিব অতিৰিক্ত ASTCৰ বাছ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।