ভৰা নৈ সাঁতুৰি মাতৃ-কন্যাৰ প্ৰাণৰক্ষা কৰা উত্তমৰ নাম ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰ বাবে প্ৰেৰণ

 07/11/2019 - 17:46

ডিজিটেল ডেস্কঃ এঘাৰ বছৰীয়া শিশু উত্তম তাঁতীৰ সাহসিকতাক সকলোৱে একমুখে প্ৰশংসা কৰিছে। মিছামাৰীৰ সাহসী সন্তান উত্তম তাঁতীক সম্বৰ্ধনা শোণিতপুৰ জিলা প্ৰশাসনৰ৷ জিলা উপায়ুক্তই প্ৰদান কৰিলে এখন চাইকেল আৰু দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য। লগতে উত্তমৰ শৈক্ষিক দায়িত্বও বহন কৰে প্ৰশাসনে৷ ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰ বাবেও উত্তমৰ নাম প্ৰেৰণ কৰে জিলা প্ৰশাসনে৷

উল্লেখযোগ্য যে দেওবাৰে দীপিকা তাঁতী নামৰ এগৰাকী মহিলা নৈ পাৰ হ’বলৈ লওঁতেই দুৰ্ভাগ্যবশতঃ ২ সন্তানসহ নৈত উটি গৈছিল। নৈত মহিলাগৰাকীয়ে ককবকাই থকা দেখা পাই স্থানীয় উত্তম তাঁতীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ নৈত জাঁপ দিয়ে। উত্তমে সাঁতুৰি গৈ এখন হাতেৰে মাতৃগৰাকী আৰু আনখন হাতেৰে এটি শিশুক বচাবলৈ সক্ষম হয়। কিন্তু আনটি কণমানি দুৰ্ভাগ্যবশতঃ উটি গৈছিল দীঘলজুলি নৈৰ সোঁতত। উত্তমৰ আক্ষেপ ''সিটো বাচ্চাক বচাব নোৱাৰিলো, এই দুখটো মোৰ জীৱনভৰ থাকি যাব।’’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।