বিজেপিয়ে প্ৰস্তুত কৰিলে ষ্টাৰ কেম্পেইনাৰৰ তালিকা

 03/23/2019 - 14:47

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা। অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে প্ৰাৰ্থী নিৰ্বাচন কৰিছে৷ জানিব পৰা মতে, ২৪ মাৰ্চত ডিফুত প্ৰচাৰ চলাব ৰাম মাধৱ আৰু ৰমেন ডেকাই।

২৫ মাৰ্চত শিলচৰত মহেন্দ্ৰ সিং, তেজপুৰত অনুৰাগ সিং ঠাকুৰ আৰু হিমন্ত বিশ্ব শৰ্মাই, লখিমপুৰত সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই চলাব নিৰ্বাচনী প্ৰচাৰ। তাৰ পিছতে ২৬ মাৰ্চত কৰিমগঞ্জত বাবুল সুপ্ৰিয়, নগাঁৱত ৰণজিত দাস আৰু ৰূপা গাংগুলী, ডিব্ৰুগড়ত কিৰেণ ৰিজিজু, মঙলদৈত হিমন্ত বিশ্ব শৰ্মা আৰু মহেন্দ্ৰ সিং আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলাব নিৰ্বাচনী প্ৰচাৰ।

ইফালে দলৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩০ মাৰ্চত গহপুৰ আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।