ফেচবুকলৈ আহিল নতুন ফিচাৰ্ছ

 07/11/2019 - 17:51

ডিজিটেল ডেস্কঃ ফেচবুকলৈ আহিল নতুন ফিচাৰ্ছ। ফেচবুকত যদি কোনো লোকৰ ফটো জুম কৰি চোৱা অভ্যাস আছে তেনেহ’লে সাৱধান। কাৰন এতিয়া ফেচবুকত এনে এক ফিচাৰ্ছ সংযোগ কৰা হৈছে যাৰ দ্বাৰা ফটো জুম কৰি চালেই অ'টমেটিকেলী লাইক হ'ব। এই সন্দৰ্ভত ফেচবুকৰ কৰ্তৃপক্ষই ১মাহৰ পূ্ৰ্বে জাননী দিছিল। বৰ্তমান এই সুবিধা বহু লোকে উপভোগ কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে এনড্ৰইদ ব্যৱহাৰ কৰা লোকসকলৰ বাবে কেতিয়া এই এপছ উপলব্ধ হ'ব সেই কথা উল্লেখ কৰা নাই। উল্লেখ্য যে বৰ্তমানৰ ফেচবুকৰ এই এপছটো ইনষ্টাগ্ৰামত বহু পূৰ্বে সংযোগ কৰা হৈছিল। ইয়াৰ পূৰ্বেও ইনষ্টাগ্ৰামৰ বহুকেইটা এপছ ফেচবুকত সংযোগ কৰা হৈছিল। লগতে ভবিষ্যতলৈ বহু এপছ ফেচবুকত সংযোগ কৰা হ'ব বুলি ফেচবুকৰ কৰ্তৃপক্ষই জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।