ফ'ৰ্বছ আলোচনীত স্থান লাভ অক্ষয় কুমাৰৰ

 07/11/2019 - 18:01

ডিজিটেল ডেস্কঃ বছৰি ৪৪৪ কোটিৰ উপাৰ্জনেৰে ১০০ জনীয়া বিশ্বৰ শীৰ্ষ স্থানীয় ব্যক্তিৰ তালিকাত একমাত্ৰ ভাৰতীয় হিচাপে স্থান লাভ কৰিছে অক্ষয় কুমাৰে। অভিনেতাগৰাকীয়ে কেইবাটাও নামি-দামী ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈ আছে। ফ'ৰ্বছে প্ৰতিবছৰে বিশ্বৰ সৰ্বাধিক ব্যয়বহুল লোকৰ প্ৰতিবেদন প্ৰস্তুত কৰে।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ২০১৯ৰ ফ'ৰ্বছৰ তালিকাত ৩৩ সংখ্যক স্থান লাভ কৰিছে। অভিনেতাগৰাকীয়ে প্ৰতিখন ছবিৰ পৰা উৰ্পাজন কৰে ৫ পৰা ১০ মিলিয়ন টকা। ইয়াৰ উপৰি অভিনেতা অক্ষয় কুমাৰে অভিনয় কৰা প্ৰায় সংখ্যক ছবিয়ে ছবিগৃহত খলকনি তোলাৰ লগতে ভাৰত আৰু কেইবাটাও আন্তৰ্জাতিক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে চুক্তিবদ্ধ হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।