কোকৰাঝাৰত ভয়াৱহ বানঃ উটুৱাই নিলে ঘৰবাৰী-গড়কাপ্টানি পথ

 07/11/2019 - 18:26

কোকৰাঝাৰঃ ভূটানৰ পৰা নামি অহা বাঢ়নি পানী আৰু মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাৎ শোচনীয় হৈ পৰিছে নামনি অসমৰ বান পৰিস্থিতি। কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ ঘৰবাৰী উটুৱাই নিয়াৰ লগতে খহাই পেলাইছে গড়কাপ্টানি পথ। নেৰানেপেৰা বৰষুণৰ লগতে ভূটানৰ পৰা নামি অহা পানীয়ে ফেনে-ফুটুকাৰে বৃদ্ধি পাইছে সোণকোষ, গৌৰাং, গঙ্গীয়া, লংগা নদীৰ জলপৃষ্ঠ।

বিশেষকৈ গঙ্গীয়া নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰাত জিলাখনৰ দোতমাৰ এক বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে ঘৰবাৰী, ৰাস্তা-ঘাট উটুৱাই নিয়ে। বানপানীৰ ফলত দোতমাৰ তিনি নং সিকাৰবিল নামৰ গাঁওখনৰ অৱস্থা অতিকে শোচনীয় হৈ পৰিছে। গাঁওখনৰ মাজেৰে বৈ যোৱা গঙ্গীয়া নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত খহনীয়াৰ সৃষ্টি হৈছে আৰু খহনীয়াৰ পৰিণতিতে আজি কেবাটাও পৰিয়ালৰ ঘৰবাৰী নদীত জাহ যায়।

এক হাহাকাৰময় পৰিস্থিতিৰ মাজতে বন্যাৰ্ত জনতাই নিজৰ ঘৰবাৰীৰ টিনপাত, সা-সৰঞ্জাম, ফাৰ্ণিচাৰ আদি ৰক্ষণাবেক্ষণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঘৰবাৰী উটি যোৱা পৰিয়ালসমূহে নিজৰ অন্ধকাৰময় ভৱিষ্যতৰ কথা ভাবি শংকিত হৈ পৰিছে আৰু এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

ইপিনে বানপানীয়ে বিভীষিকাময় ৰূপ ধাৰণ কৰাৰ খবৰ লাভ কৰিয়ে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বন্যাৰ্তৰ কাষত থিয় হয়। বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বানপানী-খহনীয়াৰ ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি ক্ষতিগ্ৰস্তৰ বুজ লয়। বিধায়কগৰাকীয়ে গঙ্গীয়া নদীক লৈ বৃহৎ প্ৰকল্পৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে সমস্যাসমূহৰ স্থায়ী সমাধানৰ পোষকতা কৰে।

ইপিনে বৰ্তমানলৈকে কোকৰাঝাৰৰ ঠায়ে ঠায়ে তীব্ৰৰ পৰা তীব্ৰতৰ বৰষুণ দি থকাত নৈপৰীয়া জনসাধাৰণ নিজৰ অৱস্থানক লৈ শংকিত হৈ পৰিছে। জিলা প্ৰশাসনে ইতিমধ্যে সাহাৰ্য সামগ্ৰী লৈ বানাক্ৰান্ত অঞ্চল লৈ ৰাওনা হৈছে আৰু প্ৰশাসনে সিকাৰবিল প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় শিৱিৰ মুকলি কৰিছে।

আনহাতে চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অৰ্ন্তগত চাৰিখন গাঁও ক্ৰমে গুৰশিংপাৰা, গোলাঝাৰ, আমিনপাৰা আৰু নাৱাডিবাসীয়ে বানপানীত আবদ্ধ হোৱাত আজি ভাৰতীয় সেনাই উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।