গহপুৰৰ তেলেনীত পহু উদ্ধাৰ

 07/11/2019 - 18:29

গহপুৰঃ কাজিৰঙাৰ গাতে লাগি থকা তেলেনীত উদ্ধাৰ হয় এটি পহু। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে কাজিৰঙাৰ জীৱ-জন্তুবােৰৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

কাজিৰঙাত দেখা দিয়া এই ভয়াবহ বানৰ পৰা প্ৰাণ বচাবলৈ ওখ স্থান বিচাৰি জীৱ-জন্তুবােৰে বিভিন্ন স্থানলৈ ধাপলি মেলিছে।

তেনে সময়তে আজি কেইটামান কুকুৰে পহু এটি খেদি নিয়া দৃশ্য তেলেনি নিৱাসী ডম্বৰু ঢাকাল নামৰ লােকজনে দেখা পায় আৰু প্ৰকৃতিপ্ৰেমী ডম্বৰু ঢাকালে কুকুৰবােৰক খেদি বােকাৰে লুতুৰি-পুতুৰি পহুটি উদ্ধাৰ কৰে।

পিছত প্ৰকৃতিপ্ৰেমী লােকজনে গহপুৰ বন বিভাগক খবৰ দিয়ে আৰু বনবিভাগৰ কৰ্মচাৰী আহি পহুটো লৈ যায়। প্ৰকৃতিপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে তেলেনিৰ ডম্বৰু ঢাকালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।