হাইলাকান্দিৰ কণমানি আৰিফাৰ মগজুৰ ৰোগৰ সকলো খৰচ বহন কৰিব অসম চৰকাৰে

 07/11/2019 - 18:31

শিলচৰঃ হাইলাকান্দিৰ কণমানি আৰিফাৰ মগজুৰ ৰোগৰ সকলো খৰচ বহন কৰিব অসম চৰকাৰে।

সংবাদ মাধ্যমৰ যোগেদি কণমাণি আৰিফাৰ ৰোগৰ খবৰ পাই অস্ত্রোপচাৰৰ পৰা আৰম্ভ কৰি সকলো চিকিৎসাৰ দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। আৰিফাক চিকিৎসা প্ৰদান কৰা হ’ব সম্পূৰ্ণ চৰকাৰী খৰচত।

মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশৰ পিছতেই আৰিফাৰ পৰিয়ালৰ লগত যোগাযোগ কৰা হৈছে জিলা প্ৰশাসনৰ জৰিয়তে। হাইলাকান্দি জিলা প্রশাসন, স্বাস্থ্য বিভাগ আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে আৰিফাৰ পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।