যোৰহাটত চিত্ৰকলা-হস্তশিল্পৰ কৰ্মশালা সম্পন্ন

 07/11/2019 - 18:38

যোৰহাটঃ যোৰহাটৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান 'দিশ'ৰ সৌজন্যত, শিক্ষাবিদ প্ৰাণনাথ ফুকনৰ সোঁৱৰণত ২ জুলাইৰ পৰা ৯ জুলাইলৈ কৃষিলয়া প্ৰাথমিক বিদ্যালয় আৰু আঁঠুভঙা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত চিত্ৰকলা আৰু হস্তশিল্পৰ কৰ্মশালা সম্পন্ন হয়।

কৰ্মশালাৰ সামৰণিত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত যোৰহাটৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত 'ক' শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী গায়ত্ৰী বৰা, 'খ ' শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী ত্ৰিদিশা বৰা, 'গ' শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী বৰষা বৰঠাকুৰক একোখন প্ৰমাণ পত্ৰ, একোটা ট্ৰফী আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱাৰ লগতে কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰি উৎসাহিত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।