বানৰ কবলত ঢকুৱাখনাৰ বিভিন্ন অঞ্চল

 07/11/2019 - 18:58

ঢকুৱাখনাঃ ৰাজ্যত কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণ দিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীৰ কৱলত। ঢকুৱাখনা আৰু ধেমাজিত জীয়াঢল আৰু কুমতিয়া নদীয়ে আজি পাঁচ দিন ধৰি বিভিন্ন অঞ্চল প্লাবিত কৰিছে।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ সোৱণশিৰিৰ ৰাজহচক্ৰ অন্তৰ্গত কৈৱত গাঁও, ন-পাম, বেটনিশলা, খনা আৰু ৰটোৱা আৰু ধেমাজিৰ গোগামুখৰ বৰদৈ, চুতীয়াকাৰী, ফুলবাৰী, বেৰভঙাৰ লগতে বহুকেইখন গাঁও বৰ্তমান পানীৰ কবলত। বন্যাৰ্তৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

বিশেকৈ খাদ্য, থকা মেলা, বিশুদ্ধ খোৱা পানী, পশুধনৰ খাদ্যৰ অভাৱত ভুগিছে বন্যাৰ্তসকল। ঘৰৰ ভিতৰত একাঁঠু পানী হোৱা হেতুকে চাং পাতি জীৱন অতিবাহিত কৰিব লগা হৈছে ৰাইজে। বাতৰি সংগ্ৰহ কৰা সময়লৈকে ঢকুৱাখনা মহকুমা প্ৰশাসনে আৰু ধেমাজি প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কুম্ভকৰ্ণ নিদ্ৰাত থকা চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাইজে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।