তৰুণ গগৈ-ৰকিবুল হুছেইনক অসম অলিম্পিক সন্থাৰ পৰা বিদায়

 07/11/2019 - 19:03

গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰকিবুল হুছেইনক অসম অলিম্পিক সন্থাৰ পৰা বিদায় দিয়া হয়। সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে এই সিদ্ধান্ত ভাৰতীয় অলিম্পিক সন্থাৰ।

সিদ্ধান্ত মৰ্মে অসম অলিম্পিক সন্থাৰ কমিটি ভংগ কৰা হ’ল। সাধাৰণ সম্পাদকৰ পদৰ পৰাও আঁতৰিল ৰকিবুল হুছেইন।ভাৰতীয় অলিম্পিক সন্থাই গ্ৰহণ কৰে এই সিদ্ধান্ত। অসম অলিম্পিকৰ নতুন আহ্বায়ক কমিটি গঠন কৰা হ’ল।

আগন্তুক ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।