১৮০০ চনতে শেষবাৰৰ বাবে ভালুক দেখা গৈছিল আফ্ৰিকাত

 07/11/2019 - 19:30

ডিজিটেল ডেস্কঃ শুনি আচৰিত হ’ব যে আফ্ৰিকাত এটাও ভালুক নাই। আফ্ৰিকাৰ হাবিত ১৮০০ চনতেই শেষ বাৰলৈ দেখিবলৈ পােৱা গৈছিল ভালুক। তাৰ পিছৰে পৰা আফ্ৰিকাৰ হাবিৰ পৰা ভালুক সম্পূৰ্ণৰূপে বিলুপ্ত হৈ পৰে।

ঘন অৰণ্যৰে ভৰি থকা আফ্ৰিকাতে অসংখ্য পৰিমাণে ভালুক থকা বুলি বহুতেই হয়তো ভাবিব পাৰে কিন্তু শেহতীয়া তথ্য অনুসৰি আফ্ৰিকাৰ হাবিত বৰ্তমানলৈ এটাও ভালুক দেখিবলৈ পােৱা যােৱা নাই।

বিশ্বৰ সৰ্বাধিক সংখ্যক ভালুক বাস কৰে এছিয়াত। এছিয়াত প্ৰায় ১২০০০(বাৰ হাজাৰ) ভালুক আছে বুলি জানিবলৈ পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।