উত্তৰ গুৱাহাটীঃ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ মাজত ৰাজ্যিক স্তৰত আয়োজন কৰা প্ৰান্তীয় ক্ৰীড়া সমাৰোহত স্থান লাভ কৰা ৩৫ গৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ পঠোৱাৰ দিহা কৰা হৈছে। প্ৰান্তীয় ক্ৰীড়া সমাৰোহত স্থান লাভ কৰা অসমৰ ৩৫গৰাকী খেলুৱৈৰ দক্ষতা বৃদ্ধিৰ বাবে শিশু শিক্ষা সমিতি অসমৰ তৰফৰ পৰা গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে।
অহা ২২ জুলাইলৈ হ'বলগীয়া এই প্ৰশিক্ষণ শিবিৰ কালিৰে পৰা আৰম্ভ হৈছে। কালিৰ প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দু কুমাৰ ভাগৱতী, খেল পৰিষদৰ সভাপতি সুবোধ বৰা আৰু প্ৰান্তীয় খেল প্ৰমুখ ৰঞ্জিত কুমাৰ শইকীয়া উপস্থিত আছিল। প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰিছে নিপন দাস, নৱজিৎ মালাকাৰ আৰু মণিকাঞ্চন নাথে।
প্ৰশিক্ষণৰ তদাৰক কৰিবলৈ আটাইকেইদিন শিবিৰত উপস্থিত থাকিব খেল পৰিষদৰ উপ-সভানেত্ৰী মনু শৰ্মা, খেল পৰিষদৰ সদস্যা অঞ্জনা সিংহ, শিৱসাগৰ বিভাগৰ সহ খেল প্ৰমুখ বিনন্দ কটকী আৰু লখিমপুৰ বিভাগৰ বৰদলনি নিকেতনৰ আচাৰ্য সুৰেন বৰা। প্ৰশিক্ষণ শিবিৰৰ মুখ্য ব্যৱস্থাপকৰূপে শংকৰদেৱ শিশু নিকেতন মালিগাঁৱৰ (আদিংগিৰি) প্ৰধান আচাৰ্য ৰাতুল ডেকাই দায়িত্ব গ্ৰহণ কৰিছে।