বাক্সাৰ নিজ কাউৰবাহাত আতংকিত ৰাইজঃ বিপদ সীমাৰ ওপৰৰে পুঠিমাৰী নৈৰ পানী

 07/11/2019 - 19:41

ৰঙিয়াঃ যোৱা এসপ্তাহ ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ নৈৰ লগতে ৰঙিয়া মহকুমাৰ মাজেৰে যোৱা পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফলত ৰঙিয়াৰ সমীপৰ বাক্সা জিলাৰ নিজ কাউৰবাহাৰ কেইবাখনো গাঁৱৰ ৰাইজ এক আতংকময় পৰিবেশৰ মাজেৰে সময় অতিবাহিত কৰিব লগা হৈছে।

নৈখনৰ পশ্চিম দিশত থকা মথাউৰিটোৰ ওপৰেৰে পানী বাগৰিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী। এনে সময়ত জলসম্পদ বিভাগৰ আশা বাদ দি ধাৰাষাৰ বৰষুণকো নেওচি স্থানীয় ৰাইজে মথাউৰি মেৰামতিৰ কামত নামি পৰা দেখা গৈছে। অসম চৰকাৰৰ জলসম্পদ বিভাগে বছৰ বছৰ ধৰি মথাউৰিৰ কাষত জংঘলবোৰ নকটাৰ বাবে জংঘলৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড এন্দুৰে গাঁতৰ সৃষ্টি কৰিছে।

এই গাঁতসমূহেৰে তীব্ৰ গতিত পানী প্ৰৱেশ কৰাৰ ফলত ইতিমধ্যে দুই এখন গাঁও ডুব যোৱাৰ উপৰি মথাউৰি ভঙাৰ উপক্ৰম হৈছে। উপায়ন্তৰ হৈ মথাউৰিৰ কাষৰ ৰাইজে ঘৰৰ পৰা চিমেণ্টৰ বেগত মাটি ভৰাই বিপদসংকুল ঠাইসমূহত দিয়াৰ ব্যৱস্থা কৰাৰ উপৰি এন্দুৰৰ গাঁতসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।