হাইলাকান্দি ভ্ৰমণ অসম বিধানসভাৰ হিচাপ নিৰীক্ষণ কমিটিৰ

 07/11/2019 - 19:56

শিলচৰঃ আজি হাইলাকান্দি ভ্ৰমণ কৰে অসম বিধানসভাৰ হিচাপ নিৰীক্ষণ কমিটিৰ এটা দলে। বিধায়ক বৃন্দাবন গোস্বামীকে ধৰি বহুকেইজন বিধায়কৰ এটা দলে হাইলাকান্দিৰ জনতাৰ অৱস্থাৰ বুজ লয়। দলটোক সাক্ষাৎ কৰি বৰাকৰ এমজিএনৰেগা, পিএমজিএচওয়াইৰ পথ নিৰ্মাণৰ অবাধ কেলেংকাৰীৰ কাহিনী দাঙি ধৰিলে কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰাকৰ বিষয়ববীয়াসকলে।

হাইলাকান্দি জিলাৰ বৰুণছড়া, দাড়িয়াৰঘাট, বেতছড়া, ঝালনাছড়া, আৰু কেইবাখনো গাঁৱৰ চল্লিশ হেজাৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ ভৰষা পিএমজিএচৱাই পথটোৰ নির্মাণৰ কেলেঙ্কাৰ‌ীৰ কথা তথ্যসহ অসম বিধানসভাৰ হিচাপ নিৰীক্ষণ কমিটিৰ দলটোক জনায় কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।