ৰাজ্যত নেৰানেপেৰা বৰষুণঃ বানৰ কবলত বিজনীৰ কেইবাখনো গাঁও

 07/11/2019 - 19:58

বিজনীঃ চিৰাঙৰ বিজনীৰ কেইবাখনো গাঁও বানৰ কবলত। নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ জলাশয়ৰ পৰা নামি অহা আই নৈৰ বাঢ়নী পানীয়ে চিৰাং জিলাৰ বিজনী মহকুমাৰ ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে। আজি কেবাদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত আই, কানামাক্ৰা আদি নৈ ফেনে-ফুটুকাৰে ওফন্দি উঠাৰ ফলত বিজনী ৰাজহ চক্ৰৰ অধীনৰ কেবাখনো গাঁও বানৰ কবলত।

১নং মাজৰাবাৰী, ১নং চৌৰাবাৰী, ২ নং মাজৰাবাৰী, ২ নং শিশুবাৰী, খুজৰাবগুৰী, ১ নং দোহলাখুন্দাসহ প্ৰায় ২ হাজাৰ অধিক ৰাইজৰ লগতে কেইবা বিঘা খেতি মাটি, পশুধন ক্ষতিগ্ৰস্ত হৈছে। ইফালে ঘৰ-দুৱাৰ বানৰ কবলত পৰা চাৰাগাঁও আৰু দৈমুগুৰীৰ বানপীড়িত লোকক বিজনী প্ৰশাসন আৰু এছডিআৰএফৰ উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকৃত লোকসকলে দংগাপেটা এল,পি স্কুলত আশ্ৰয় লয়।

একেদৰে আই নৈৰ বাঢ়নী পানীয়ে চিৰাং জিলাৰ বিজনীৰ মংগোলিয়ান আৰু মালিপাৰা ভিচিডিচিৰ দৈমুগুৰী, চাৰাগাঁও, চৌৰাবাৰী, নাওদুবা, ১ নং খুজৰাবগুৰী, ২ নং খুজৰাবগুৰী, টোপগুৰী, কাণ্ঠালগুৰী, ২ নং চাৰাপেট, লেডোপাৰা আৰু ছটো আমগুৰীসহ ভালে কেইখন গাঁও এতিয়া বানৰ কবলত।

আনহাতে বানৰ কবলত পৰা ৭০০ ৰ অধিক গঞাই দংগাপেটা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছে। দংগাপেটা স্কুলত আশ্ৰয় লোৱা লোকসকলক মালিপাৰা আঞ্চলিক এবছুৱে দুপৰীয়া আহাৰৰ বাবে খিচিৰিৰ যোগান ধৰে। ইফালে মাজৰাবাৰী আই নৈৰ মথাউৰি বিপদসংকুল অৱস্থাত আছে। যি কোনো সময়তে মথাউৰি ছিঙি ভয়ানক বানে বিজনী চহৰ প্লাবিত কৰাৰ আশংকা কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।